মঙলদৈত নিৰ্মাণ হ’ব আম্বেদকাৰ ভৱন
নিউজ ডেস্ক: দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাকক্ষত আজি অনুসূচিত জাতি মৰ্চাৰ দৰং জিলা সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী গীতিমা দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন৷ সভাত দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই অনুসূচিত জাতিৰ লোক সকলৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ বুজ লবলৈ আহ্বান জনালে৷ ড০ আম্বেদকাৰ ভৱন নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কাৰ্যনিৰ্বাহক সভাত৷ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে অসম মহিলা আয়োগৰ অধ্যক্ষা নিলিমা দেৱী, অসম মিন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম মিন নিগমৰ উপাধ্যক্ষ নাবাৰণ মেধী, দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা৷