Amazon India Yoga Store: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত মুকলি কৰিলে আমাজন ইণ্ডিয়া যোগ ষ্ট’ৰ
নতুন দিল্লী, ৭ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া দৃষ্টিভংগী আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) মঙলবাৰে নতুন দিল্লীত “আমাজন ইণ্ডিয়া যোগ ষ্ট’ৰ” মুকলি কৰে (Amazon India Yoga Store) । ভাৰতৰ মহান ঐতিহ্য-পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত এই বিপণীখনে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰাৰ লগতে যোগক অধিক সুলভ কৰি তুলিব বুলি আশা কৰা হৈছে ।