pomelo fruit benefits : সুস্বাদু ৰবাব টেঙাৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?
সুস্বাদু টেঙা-মিঠা ৰসেৰে ভৰপূৰ ৰবাব টেঙাৰ সোৱাদ প্ৰতিজন অসমীয়াৰে প্ৰিয়। কাতিমহীয়া পথাৰত বহি লগে-ভাগে ৰবাব টেঙাৰ জুতি লোৱাটো গ্ৰাম্য জীৱনৰ পৰম্পৰাৰ দৰেই।ৰবাব টেঙা বুলিলে জিভাৰ পানী নোলোৱাকৈ থকা মানুহ হয়টো খুব কমেই আছে(pomelo fruit benefits)।
অতি সহজতে হোৱা ৰবাব টেঙাৰ গছ অসমীয়া মানুহৰ ঘৰে ঘৰে পোৱা যায়। কিন্তু নিমখ জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰে। ৰবাব টেঙা কেৱল এবিধ সুস্বাদু ফলেই নহয়, ই স্বাস্থ্যৰ বাবেও অতি উপযোগী। কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া ৰবাব টেঙাৰ বাকলি যথেষ্ট ডাঠ হয়।ৰবাব টেঙাৰ বাকলি গুচোৱাই ইয়াক নিমখ আৰু জলকীয়া সানি জুতি লগাই খোৱা হয়।ৰবাব টেঙাৰ ৰস উলিয়াই চৰৱাত বনাই খাব পাৰি(One of the healthiest citrus fruits find out about the many benefits of consuming a pomel)।
ৰবাব টেঙাৰ আছে আমাৰ স্বাস্থ্য়ৰ বাবে যথেষ্ট উপকাৰী গুণ(Amazing Health Benefits Of Pomelos)।
আহক আজি আমি ৰবাব টেঙাৰ উপকাৰিতাৰ বিষয়ে জানো …
ৰবাব টেঙা খালে পিয়াহ দূৰ হয়।
ৰবাব টেঙাৰ ৰসে শৰীৰত যথেষ্ট শক্তিল প্ৰদান কৰে। ৰবাব টেঙাই শৰীৰক শীতল কৰি ৰাখে আৰু ছাল নিমজ কৰে।
ভিটামিন C ৰ অভাৱত দাঁতৰ পৰা তেজ ওলায়। শৰীৰত কলাজেন বঢ়োৱাটো অকল ছালৰ বাবেই প্ৰয়োজনীয় নহয়, ই স্বাস্থ্যৱান আৰু সবল দাঁতৰ বাবেও প্ৰয়োজনীয়। ৰবাবে দাঁতৰ সমস্যা দূৰ কৰে।
ৰবাবত উচ্চ মাত্ৰাত পটাচিয়াম থাকে। যি ভিটামিন c ৰ দৰেই হাৰ্টক সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই প্ৰয়োজনীয় খনিজ বিধে ৰক্তচাপ ৰেগুলেট কৰে।
ভিটামিন C এ শৰীৰক আয়ৰণ শোষণ কৰে। আয়ৰণ কমিলে এনিমিয়া বা ৰক্তহীনতা হয়। ৰবাব ভিটামিন c সমৃদ্ধ হোৱাৰ বাবে আয়ৰণ কমাত বাধা দিয়ে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।
ৰবাব টেঙাৰ ৰসে শৰীৰত টক্সিন আৰু ফ্ৰি ৰেডিকেল কোষ গঠন হোৱাত বাধা দিয়ে। শৰীৰত অত্যাধিক ফ্ৰি ৰেডিকেল্চে পানী লগা, চৰ্দি জ্বৰ, ফ্লু, এজমা, বীজানু সংক্ৰমন, এলাৰ্জী আৰু বহুতো ৰোগ সৃষ্টি কৰে। ভিটামিন c এনে এক উপাদান যিয়ে এন্টিবডি আৰু ইমিউন কোষ সমূহক সবল আৰু সক্ৰিয় কৰি এইবোৰ ৰোগ নিৰাময় কৰে।
চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী। ভিটামিন এ,ভিটামিন বি কমপ্লেক্স, ভিটামিন চি,জিংক আদিৰ থকাৰ বাবে-চুলিৰ বাবে উপকাৰী।
উফিৰ সমস্যাও কম কৰাত সহায় কৰে।সুন্দৰ স্বাস্থ্য-উজ্বল-চুলিৰ কামনা কৰা সকলে ৰবাব টেঙা সেৱন কৰা উচিত।
ৰবাব টেঙাৰ ভিতৰৰ বা ফুট বোৰৰ বাকলিত পৰ্যাপ্ত বায়ফ্লেব’নইডচ থাকে যিয়ে পেনক্ৰিয়াছ, অন্ত্ৰ আৰু স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰে।
ৰবাব ৰসত থকা পটাচিয়াম ৰক্তচাপ নিয়মীয়া কৰি ৰখাৰ মূখ্য উপাদান। নিয়মীয়া সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।
ৰবাব টেঙাৰ ৰসে হজম শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়। পেট খোলাচা কৰে।
ৰবাব ফলিক এচিডৰ ভাল উৎস। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড অপৰিহাৰ্য্য। গৰ্ভাৱস্থাত দেহত ফলিক এচিড কম হলে আকস্মিক আৰু সংকট জনক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ত্ৰুটিপুৰ্ণ জন্ম আৰু মাতৃৰ জীৱনলৈ সংকট নমাব পাৰে।
শালমইনাৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত।ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে।ক’লা দাগ,হাইপাৰপিগমেন্টশ্যন আদি সমস্যাও কম কৰে।ছালৰ কমনীয়তা বৃদ্ধিটো ই সহায় কৰে।
লগতে পঢ়ক :centella asiatica : আপুনি বাৰু জানেনে মানিমুনি শাকৰ গুণাগুণ আৰু উপকাৰিতা কিমান?