Local, Vocal, Global

Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ ১৭ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিলে পবিত্ৰ শিৱলিংগ

নেশ্যনেল ডেস্ক, ৪ জুলাই: অমৰনাথ যাত্ৰাৰ তৃতীয় দিনটোলৈকে ১৭ হাজাৰৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰাৰ বিপৰীতে মঙলবাৰে পুৱা ৬৫৯৭ গৰাকী তীৰ্থযাত্ৰীৰ আন এটা দল জম্মুৰ পৰা অমৰনাথলৈ ৰাওনা হৈছে (Amarnath Yatra 2023)। এগৰাকী কৰ্তব্যৰত বিষয়াই জানিবলৈ দিয়া অনুসৰি, সোমবাৰলৈকে অৰ্থাৎ তৃতীয় দিনটোলৈকে ১৭ হাজাৰৰো অধিক যাত্ৰীয়ে অমৰনাথলৈ যাত্ৰা কৰিছে(Pilgrims performed Amarnath Yatra) । আন দিনাৰ দৰে মঙলবাৰে পুৱাও জম্মুৰ ভাগৱতী নগৰস্থিত যাত্ৰী নিৱাস (Bhagwati Nagar Yatri Niwas)ৰ পৰা নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৬৫৯৭ জনীয়া আন এটা দলে উপত্যকাটোলৈ ৰাওনা হয় । বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, দলটোত ৪৯৭৫ জন পুৰুষ, ১৪২৯ গৰাকী মহিলা, ৩৩ টাকৈ শিশু, ১৫১ জন সাধু আৰু ৯ গৰাকী সাধ্বী আছে এই দলটোত ।

যাত্ৰীসকলৰ একাংশই পহলগাম বেচ কেম্পৰ পৰা ৪৩ কিলোমিটাৰ উচ্চতাত থকা হিমালয়ৰ গুহাৰ ভিতৰত থকা এই মন্দিৰলৈ পৰম্পৰাগত দক্ষিণ কাশ্মীৰ পহলগাম পথেৰে যাত্ৰা কৰিছে (Traditional South Kashmir Pahalgam route) । ইয়াৰে আন একাংশই আকৌ উত্তৰ কাশ্মীৰৰ বাল্টাল বেছ কেম্পৰ পৰা ১৩ কিলোমিটাৰ উচ্চতাৰ পথটোৰে আৰোহণ কৰি মন্দিৰলৈ যাত্ৰা কৰিছে (Baltal Base Camp in North Kashmir) ।

পৰম্পৰাগত পহলগাম পথটো ব্যৱহাৰ কৰাসকলে মন্দিৰত উপস্থিত হ’বলৈ সময় লাগে ৩ ৰ পৰা ৪ দিন । আনহাতে বাল্টাল পথ ব্যৱহাৰ কৰাসকলে সমুদ্ৰপৃষ্ঠৰ পৰা ৩৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত মন্দিৰৰ ভিতৰভাগ ‘দৰ্শন’ কৰি একেদিনাই বেচ কেম্পলৈ উভতি আহিব পাৰে । অৱশ্যে দুয়োটা পথতে যাত্ৰীসকলৰ বাবে হেলিকপ্টাৰ সেৱাও উপলব্ধ আছে (Helicopter services available in Amarnath Yatra) ।

উল্লেখ্য যে, এইবাৰৰ ৬২ দিনীয়া অমৰনাথ যাত্ৰা ১ জুলাইৰ পৰা আৰম্ভ হৈ অহা ৩১ আগষ্টত শ্ৰৱণ পূৰ্ণিমা উৎসৱৰ দিনা সামৰণি পৰিব(Shravan Purnima festival) । যাত্ৰাৰ সময়ত হ’ব পৰা যিকোনো ৰোগৰ পৰা তীৰ্থযাত্ৰীসকলক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ লগতে যাত্ৰাৰ দুয়োটা পথতে কৰ্তৃপক্ষই সামূহিক ‘লংগৰ’স্থাপন কৰিছে য’ত বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ’ব । তাৰোপৰি যাত্ৰাৰ এই পথচোৱাত যিকোনো ধৰণৰ জাংক ফুড গ্ৰহণ প্ৰশাসনে নিষিদ্ধ কৰিছে ।

লগতে পঢ়ক : DGP GP singh dismissed several officers : ইজনৰ পিছত সিজনকৈ ঘোচখোৰ আৰক্ষী বিষয়াক বৰ্খাস্ত