Local, Vocal, Global

Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে অমিত শ্বাহে

নেশ্যনেল ডেস্ক, ১০ জুন : অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি তুংগত উঠিছে । ১ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা (Amarnath Yatra) । ৩১ আগষ্টত সমাপ্ত হ’বলগীয়া ৬২ দিনীয়া এই অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি তুংগত । অমৰনাথ যাত্ৰাৰ পৰ্যালোচনা বৈঠকত শুকুৰবাৰে অমিত শ্বাহ আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। যোৱা বছৰ ৩.৪৫ লাখ তীৰ্থযাত্ৰী পবিত্ৰ অমৰনাথ যাত্ৰা পৰিদৰ্শন কৰিছিল । এইবাৰ তেওঁলোকৰ সংখ্যা পাঁচ লাখ হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক তীৰ্থযাত্ৰা কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । অমিত শ্বাহে সংশ্লিষ্ট বিষয়াসকলক ৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ সমগ্ৰ পথটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । গৃহমন্ত্ৰীগৰাকীয়ে লগতে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনৰ পৰা আধাৰ শিবিৰলৈ যোৱা পথটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে নিশা শ্ৰীনগৰ আৰু জম্মুৰ পৰা বিমান সেৱা পৰিচালনা কৰিবলৈও গৃহ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে (Amit Shah on Amarnath Yatra)।

আনফালে অক্সিজেন চিলিণ্ডাৰ আৰু সেইসমূহৰ ৰিফিঙৰ পৰ্যাপ্ত ষ্ট’ক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু চিকিৎসকৰ অতিৰিক্ত দলৰ উপস্থিতি নিশ্চিত কৰিবলৈও প্ৰশাসনক নিৰ্দেশ দিয়ে । যিকোনো চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ এম্বুলেন্স আৰু হেলিকপ্টাৰ মোতায়েনৰো তেওঁ নিৰ্দেশ দিয়ে ।গৃহ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ পৰা আৰম্ভ কৰি থকাৰ সুবিধা, বিদ্যুৎ, পানী, যোগাযোগ আৰু স্বাস্থ্য এই সকলো ক্ষেত্ৰত অমৰনাথ যাত্ৰীৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । উন্নত যোগাযোগ ব্যৱস্থা আৰু ভূমিস্খলনৰ ক্ষেত্ৰত পথ তৎক্ষণাৎ মুকলি কৰিবলৈ যন্ত্ৰপাতি মোতায়েনৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে । বৈঠকত তেওঁ বিষয়াসকলক অৱগত কৰে যে অমৰনাথ যাত্ৰাৰ সকলো তীৰ্থযাত্ৰীক এইবাৰো আৰএফআইডি কাৰ্ড প্ৰদান কৰা হ’ব যাতে সহজে তেওঁলোকৰ সঠিক সময়ৰ অৱস্থান বিচাৰি উলিয়াব পৰা যায় ।

ইয়াৰ সমান্তৰালকৈ অমৰনাথ যাত্ৰীৰ বাবে ৫ লাখ টকা আৰু প্ৰতিটো জীৱ-জন্তুৰ বাবে ৫০,০০০ টকাৰ বীমাৰো ব্যৱস্থা কৰা হ’ব । ইয়াৰ উপৰিও, ভ্ৰমণৰ পথত টেণ্ট চিটি, ৱাই-ফাই হটস্পট আৰু সঠিক পোহৰৰ ব্যৱস্থা কৰা হ’ব । গৃহ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি বাবা বৰফানীৰ অনলাইন-লাইভ দৰ্শন, পবিত্ৰ অমৰনাথ গুহাত পুৱা আৰু সন্ধিয়াৰ আৰতিৰ পোনপটীয়া সম্প্ৰচাৰ আৰু আধাৰ শিবিৰত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব ।

নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক, সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী, সীমান্ত পথ সংস্থাৰ সঞ্চালক প্ৰধান, জম্মু-কাশ্মীৰৰ মুখ্য সচিব, সেনা, কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে বিগত বছৰত বেছ কেম্পত প্ৰচুৰ পৰিমাণে বৰষুণ অহাৰ ফলত বানপানীৰ ফলত ১৬ জনকৈ যাত্ৰী বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছিল । পুনৰ বাৰ যাতে তেনে পৰিস্থিতিৰ সন্মুখিন নহয় তাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো সাজু কৰি ৰখা হ’ব । তীৰ্থ যাত্ৰীৰ শিবিৰসমূহ বান, খহনীয়া, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব পৰা ঠাইৰ পৰিৱৰ্তে সুৰক্ষিত স্থানত নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। আনহাতে, বায়ুসেনাৰ সহায়ত ওখ পাহাৰীয়া অঞ্চলসমূহ নিৰীক্ষণ কৰা হ’ব যাতে হ্ৰদটো আৰু তাত নিৰ্মাণ হৈ থকা অন্যান্য কাম-কাজৰ বিষয়ে সময়োপযোগী তথ্য লাভ কৰিব পৰা যায় ।

লগতে পঢ়ক : Assam cabinet meeting: শুক্ৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত