Local, Vocal, Global

HELLO! মই বাৰাক অ’বামাই কৈছো

৩ নৱেম্বৰ মঙলবাৰ ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনৰ চূ়ড়ান্ত মতদান ৷ আৰু কেইঘণ্টামান পিছতেই মার্কিন ভোটাৰসকলে চূড়ান্ত কৰিব আগন্তুক ৪ বছৰৰ বাবে কোনে নেতৃত্ব ল’ব বিশ্বৰ ছুপাৰ পাৱাৰ আমেৰিকাৰ৷ আকৌ ৰিপাব্লিকান ট্ৰাম্প নে ডেমক্ৰেটিক জ’ বাইডেন ? কিন্তু মার্কিন ৰাষ্ট্ৰপতি নির্বাচনৰ চূড়ান্ত মতদান প্ৰক্ৰিয়াৰ ঠিক পূৰ্বেই মার্কিন ভোটাৰ ৰাইজলৈ আহিবলৈ লৈছে এজন বিশেষ ব্যক্তিৰ ফোন ৷ তেওঁ আমেৰিকাৰই প্ৰাক্তন ৰাষ্ট্ৰপতি ৷  তেওঁ হৈছে  ট্ৰাম্পৰ আগৰজন ৰাষ্ট্ৰপতি বাৰাক অ’বামা৷ কিন্তু প্ৰশ্ন হয় কিয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক প্ৰাকক্ষণত প্ৰাক্তন ৰাষ্ট্ৰপতি অ’বামাই এনেদৰে ইজনৰ পিছত সিজন মাৰ্কিন ভোটাৰৰ পৰিয়ালৰ সৈতে স্থাপন কৰিছে টেলিফোনৰ জৰিয়তে সঘন যোগাযোগ ? ব্যাপক ভাইৰেল হোৱা এটা ভিডি’অত দেখা গৈছে অ’বামাই ফোন কৰিছে এলিছা নামৰ এগৰাকী মহিলাক । অতি সৰলতাৰে অ’বামাই কৈছে ”মোক চিনি পাইছেনে ? মই এসময়ত ৰাষ্ট্ৰপতি আছিলো ” ইয়াৰ পিছতেই ফোন কৰা কাৰণ সন্দৰ্ভত অ’বামাৰ ব্যাখ্যা –I am doing phone banking for Joe Biden । অৰ্থাত অ’বামাই এই ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ বিৰোধী ডেমক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনৰ হৈ টেলিফোনৰ জৰিয়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।লগতে এই নিৰ্বাচনত  বাইডেনৰ ৰাণিং মেট তথা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা দেবী হেৰিছক ভোট দিয়াৰ বাবে আহ্বান জনাইছে মাৰ্কিন ভোটাৰ ৰাইজক ।উল্লেখযোগ্য যে পৰম্পৰা অনুসৰি মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰ্যায় ক্ৰমে হোৱা মতদান প্ৰক্ৰিয়াটোৰ চূড়ান্ত মতদান সম্পন্ন হয় নৱেম্বৰ মাহৰ প্ৰথমটো মঙলবাৰে ।আজি চূড়ান্ত মতদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰাই বিশ্বৰ বিভিন্ন আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে যে এই পৰ্যন্ত হোৱাইট হাউছ অভিমুখী দৌৰত ট্ৰাম্পক পিছপেলাইও আগবাঢ়ি গৈছে জ’বাইডেন ।  আৰু কেইঘন্টা মানৰ পিছতেই গম পোৱা যাব ট্ৰাম্প আৰু বাইডেনৰ কোনজনে লাভ কৰে আগন্তুক ৪ বছৰলৈ সৰ্বশক্তিমান আমেৰিকাক নেতৃত্ব দিয়াৰ সুযোগ !