Local, Vocal, Global

পুনৰ আলফা স্বাধীনৰ চৰম সিদ্ধান্ত

নিউজ ডেস্ক, ৩১ আগষ্ট : ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম – ইণ্ডিপেণ্ডেণ্টে (আলফা) বুধবাৰে ঘোষণা কৰে যে ই পুনৰ এজন কেডাৰক মৃত্যুদণ্ড প্ৰদান কৰিছে। এটা ভিডিঅ’ যোগে এই কথা সদৰি কৰিছে আলফা স্বাধীনে।

বাতৰি অনুসৰি, আলফা কেডাৰ জনে শিবিৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, যাৰ পিছত তেওঁক নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৱে মৃত্যুদণ্ড প্ৰদান কৰে।

মৃত্যুদণ্ড প্ৰদান কৰা কেডাৰজনক গোৱালপাৰা জিলাৰ লখিপুৰ গাঁৱৰ বাসিন্দা কৰিমুদ্দিন মণ্ডলৰ পুত্ৰ ৰিহন অসম ওৰফে মহম্মদ চাইফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

তেওঁ ২৮ জুলাইৰ নিশা প্ৰায় ৮ বজাত আলফা শিবিৰৰ পৰা পলাই গৈছিল, কিন্তু পিছদিনা পুনৰ বন্দী কৰা হৈছিল।

এবাৰ পলায়ন কৰোতে পুনৰ পলায়ন নকৰো বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো পলায়ন কৰিছিল চাইফুলে। ভিডিঅত নিজ মুখে অপৰাধ কৰা বুলি স্বীকাৰ কৰিছে ৰিহনে।

মন কৰিকৰিব পাৰি যে নিষিদ্ধ সংগঠনটোৱে পূৰ্বেও এনে কাৰ্য্যত মৃত্যুদণ্ড দিছিল।