তাপী মৰা আৰু তেওঁৰ সহকাৰী নিকু দাওক বিচাৰি উলিওৱাৰ বাবে ভাৰতীয় সেনাৰ বৃহৎ অনুসন্ধান অভিযান
নিউজ ডেস্ক, ৩১ আগষ্ট : অৰুণাচল প্ৰদেশৰ পূব কামেং (Kameng) জিলাৰ অন্তৰ্গত খ্যাৰী সাতম পৰ্বত (Khyari Satam Mountain) অন্বেষণৰ বাবে চৰকাৰী অভিযানত যাত্ৰা কৰাৰ পিছত সন্ধানহীন হোৱা তাপী মৰা আৰু তেওঁৰ সহকাৰী নিকু দাওক বিচাৰি উলিওৱাৰ বাবে ভাৰতীয় সেনাই বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে।
পূব কামেং জিলা প্ৰশাসনে মঙলবাৰে অঞ্চলটোত উদ্ধাৰ অভিযান চলাবলৈ সেনাৰ হেলিকপ্টাৰৰ সেৱা বিচাৰিছিল।
লক্ষণীয়ভাৱে, অঞ্চলটোৰ বতৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বুধবাৰে অঞ্চলটোৰ আকাশী জৰীপ কৰিবলৈ দুখন সেনাৰ হেলিকপ্টাৰো সাজু হৈছিল।
সেনাই কয় যে, ৰাজ্য চৰকাৰে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে চুবুৰীয়া অসমৰ Tezpurত অৱস্থিত ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ (Gajraj Corps) পৰা সহায় বিচাৰিছিল, ।
উল্লেখ্য যে তাপী মৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা অৰুণাচলৰ প্ৰথমজন ব্যক্তি। যি, যোৱা সাত দিন ধৰি তেওঁ অৰুণাচল প্ৰদেশৰ অন্যতম উচ্চ শৃংগ, বৰফৰে আবৃত মাউণ্ট কাৰিচাটাম অন্বেষণ কৰিবলৈ চৰকাৰী অভিযানত যোৱাৰ সময়ৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।
পৰ্বতাৰোহণ আৰু পেৰাগ্লাইডিং সংস্থাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক ৩৭ বছৰীয়া পৰ্বতাৰোহীজনক বিচাৰি উলিওৱাৰ বাবে সহায় বিচাৰি আহ্বান জনাইছে ।