Local, Vocal, Global

Tezpur Murder : নৃশংস হত্যাকাণ্ড ! বনকৰা মহিলাক হত্যা কৰি পুতি থলে ঘৰৰ চৌহদত

তেজপুৰ, ২৭জুন : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা । এইবাৰ তেজপুৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।

ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড। তেজপুৰত এগৰাকী মহিলাক হত্যা কৰি পুতি থলে এজন ব্যক্তিয়ে(Tezpur Murder)

প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰৰ চানমাৰি ৰে’ল গেটৰ সমীপত সংঘটিত হৈছে এই জঘণ্য হত্য়াকাণ্ডৰ ঘটনাটো । ৰাজু নামৰ এগৰাকী লোকে তেওঁৰ ঘৰত কাম কৰা এগৰাকী মহিলাক হত্য়া কৰি পুটি থয় তেওঁৰ ঘৰৰ চৌহদত।ৰাজু আইচ পেচাত এগৰাকী ই ৰিক্সা চালক।

উল্লেখ্য় যে, ৰাজু আইচ দিনটোৰ অধিকাংশ সময় সুৰাৰ ৰাগীত মাতাল হয় থাকে । ইফালে বনকৰা মহিলা গৰাকী কিমান দিনৰ পৰা ৰাজু আইচৰ বাসগৃহত আছিল সেই বিষয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই। স্থানীয় লোকে জনোৱা অনুসৰি এই বিষয়ে স্থানীয় লোকৰো কোনো সঠিক তথ্য নাই।

উল্লেখ্য় যে, ৰাজুয়ে সোমবাৰে আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে । ৰাজুৱে মহিলা গৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি ব্যক্ত কৰে । স্থানীয় লালমাটি আৰক্ষী থানাই ৰাজু আইচক গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Firing in Nagaon: নগাঁৱত চাঞ্চল্যকৰ গুলীচালনা, দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী