Local, Vocal, Global

Allegation of land scam Himanta Biswa Sarma family : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

নিউজ ডেস্ক, ১১ছেপ্টেম্বৰ : প্ৰসংগ ভূমি কেলেংকাৰী । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ । বিভিন্ন দল,সংগঠনৰ লগতে বিৰোধীয়ে এতিয়া ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ প্ৰসংগক লৈ । বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত সংবাদমেল সম্বোধন কৰি এটাই অভিযোগ উত্থাপন কৰিছে । সেয়া হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল ভূমি কেলেংকাৰীৰ লগত জড়িত । কিন্তু এতিয়ালৈ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই(Allegation of land scam Himanta Biswa Sarma family) ।

শাসনলৈ আহিয়ে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল অসম দুৰ্নীতিমুক্ত হ’ব । অপৰাধীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা । মুখ্যমন্ত্ৰীৰ মতে অসম দুৰ্নীতিমুক্ত । অসমত বন্ধ হৈছে দুৰ্নীতি ।

কিন্তু হৈছে জানো অসম দুৰ্নীতিমুক্ত ?

বিভিন্ন সভা, সংবাদমেলত মুখ্যমন্ত্ৰীৰ অসম দুৰ্নীতিমুক্ত বুলি কোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰতে আঙুলি তুলি অভিযোগ উত্থাপন কৰিছে একাংশই । বৰ্তমান সময়ত ৰাজ্যত এটি চৰ্চাৰ বিষয় হৈছে ভূমি কেলেংকাৰীৰ সৈতে জড়তি মুখ্যমন্ত্ৰীৰ পৰিয়াল ! একাংশাই অভিযোগ কৰিছে যে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে । কিন্তু এয়া কিমান সত্য সেই সন্দৰ্ভত সকলোৱে মুখ্যমন্ত্ৰীৰ পৰা উত্তৰৰ আশাত আছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম আন এক ভূমি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে ৷ এইবাৰ ৫০ বিঘাতকৈ অধিক কৃষি ভূমি ক্ৰয় কৰাৰ পিছত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন আৰু তাৰ পিছত সেই ভূমিতে খাদ্য সংসাধন উদ্যোগ স্থাপন কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায় কৰাৰ অভিযোগ উঠিছে (Himanta Biswa Sarma)৷

সোমবাৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয়, মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই ২০২১ চনত ড৹ হিমন্ত শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰে ৷ তেওঁ মাত্ৰ এমাহৰ ভিতৰতে সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি প্ৰধানমন্ত্ৰীৰ কৃষি সম্পদ যোজনা আঁচনিৰ অধীনত খাদ্য সংসাধন উদ্যোগ প্ৰতিষ্ঠাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায় কৰিছে । এতিয়া প্ৰশ্ন হয়, জিলা উপায়ুক্তই কেনেকৈ কৃষিভূমি দিলে সেয়া তদন্ত হ’ব লাগে বৰাই সংবাদমেলত উল্লেখ কৰে । তেওঁ লগতে কয় ৫০ বিঘা মাটি একেলগে ক্ৰয় কৰিব নোৱাৰে । ৫০ বিঘা মাটি ক্ৰয় কৰিবলৈ হলে সচিবালয়লৈ আহিব লাগে । সচিবালয়লৈ আহিছিল যদি কিহৰ ওপৰত ভিত্তি কৰি অনুমতি দিলে?

কৃষি ভূমি উদ্যোগভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰি নে নোৱাৰি সেইটো ৰাজহ বিভাগে স্পষ্টীকৰণ দিব লাগে । ১০ কোটি ৰাজসাহাৰ্য পাবলৈ কৃষি ভূমিক উদ্যোগ ভূমিলৈ পৰিৱৰ্তন কৰিলে সেই গোটেই প্ৰক্ৰিয়া কেনেকৈ হ’ল সেয়াও স্পষ্টীকৰণ দিয়াৰ লগতে তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষগৰাকীয়ে ।

কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰাক লৈ সবিস্তাৰে প্রকাশ কৰিছে এটা ৱেব পৰ্টেলে। তাৰ পিছতে বিভিন্ন সময়ত এই ভূমি কেলেংকাৰীয়ে চৰ্চা লাভ কৰি আহিছে ।
এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত প্ৰত্যুত্তৰ দিব নে ? এতিয়ালৈকে কিয় নিৰৱতা অৱলম্বন কৰি আছে মুখ্যমন্ত্ৰীয়ে ।এয়া যেন এক ৰহস্য আৱৰ্তনত আছে সকলো ।