Local, Vocal, Global

Ali Ai Ligang: বুধবাৰ নহয় ফাগুনৰ ১ তাৰিখে আলি আয়ে লৃগাং পালন কৰিলে অৰুণাচলত বসবাস কৰা মিছিং জনগোষ্ঠী সকলে

জোনাই,১৫ফেব্ৰুৱাৰী : ৰংচোৱা ফাগুনৰ মলয়াই মাতিলে মিছিং জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ আলি আয়ে লৃগাংক।

বুধবাৰ নহয় ফাগুনৰ ১ তাৰিখে আলি আয়ে লৃগাং পালন কৰিলে অৰুণাচলত বসবাস কৰা মিছিং জনগোষ্ঠী সকলে।

আজি ফাগুনৰ ১ তাৰিখ। বুধবাৰৰ সলনি ফাগুনৰ ১ তাৰিখে উলহ মালহেৰে অসম অৰুণাচল সীমান্ত অৰুণাচলৰ অয়ানত বসবাস কৰা মিচিং জনগোষ্ঠীসকলে পালন কৰিলে মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং।

মিচিং জনগোষ্ঠীসকলে পূৰ্বৰে পৰা মানি অহা ৰীতি নীতি অনুসৰি পুৱা বীজ সিঁচা, সমূহীয়া খাদ্য, গুমৰাগ চমান, ঐ-নিতম আদিৰে অয়ান গাঁৱৰ মুৰংঘৰৰ বাকৰিত গাঁৱৰ বোৱৰী জীয়ৰী সকলে গুমৰাগ নৃত্যৰে আকাশ বতাহ ৰঙীন কৰি তোলে(Ali Ai Ligang)।

ইফালে মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ সলনি অসম অৰুণাচল অৰ্থাৎ দুয়োখন ৰাজ্যত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে একেলগে প্ৰতি বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে আলি আয়ে লৃগাং উৎসৱটো পালন কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক:Rangia News:ৰঙিয়াত ১৪ জন শ্ৰমিকক উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা