Pasighat-Pangin পথত পুনৰ ভয়াবহ ভূমিস্খলন

নিউজ ডেস্ক, ৭ জুন : সোমবাৰে অৰুণাচল প্ৰদেশৰ(Arunachal Pradesh) পাচিঘাটৰ সমীপৰ পাচিঘাট-পাংগিন বলেং পথত ভয়ংকৰ ভূমিস্খলন। ভয়াবহ ভূমিস্খলনত পাহাৰৰ পৰা বাগৰি অহা শিল-মাটিয়ে কেইবাখনো গাড়ী, মটৰ চাইকেল পুতি পেলায়। ফলত বহুকেইখন যান-বাহন ধ্বংস হোৱাৰ লগতে বহুকেইজন যাত্ৰীৰ জীৱন কথমপি ৰক্ষা পৰে।
জানিব পৰা মতে পূৰ্বৰে পৰা ভূমিস্খলনত(Earthquake) ক্ষতিগ্রস্ত হোৱা বাবে পাচিঘাট-পাংগিন বলেং (Pasighat-Pangin) পথছোৱা অতি বিপদজনক অৱস্থাত আছিল । আৰু এই পথছোৱা দেওবাৰে মুকলি কৰা হৈছিল।
পাহাৰৰ পৰা দুই-এটা শিল খহি থকাৰ মাজতে বিপজ্জনকভাৱে কেইবাখনো বাহন পাৰ হৈ গৈছিল যদিও পথৰ দুয়োকাষে বহু যান-বাহন আবদ্ধ হৈ আছিল।