Local, Vocal, Global

উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদন দাখিল

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অখিল গগৈৰ অধিবক্তা। ২৮ জানুৱাৰী বৃৃহস্পতিবাৰে সর্বোচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক কার্যালয়ত Advocate on Record ৰুনা ভূঞাৰ জৰিয়তে দাখিল কৰে জামিন আবেদন। বিগত ৭ জানুৱাৰী তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰ খণ্ড বিচাৰপীঠে নাকচ কৰিছিল অখিল গগৈৰ জামিন আবেদন। আন আন গোচৰৰ লগতে ইউ এ পি এ অধীনতো অভিযুক্ত কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIAই। ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা ‘কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱাৰ বাবে আজিকোপতি কাৰাগাৰত বন্দী হৈ আছে কৃষক নেতাজন। প্ৰতিবাদৰ নামত দেশৰ অর্থনৈতিক সুৰক্ষাৰ ভাবুকি প্ৰদান কৰা তথা মাওবাদী সংগঠনেৰে সম্পর্ক থকাৰ অভিযোগৰ দোহাই দি গুৱাহাটী উচ্চ ন্যায়ালয়ে নামাঞ্জুৰ কৰিছিল অখিল গগৈৰ জামিন আবেদন।