Local, Vocal, Global

অসমত পুনৰ হ’ব লকডাউন!

অসমত পুনৰ হব পাৰে লকডাউন। নতুনা পুনৰ হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা। এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, কোভিড সংক্ৰমণৰ হাৰ নকমিলে চৰকাৰে অহা ৩/৪দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত লব চৰকাৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দুৰ্গা পূজাৰ পাছতে ৰাজ্যত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। সপ্তমী, অষ্টমীত অসমত কোৰোনাৰ পজিটিভিটী হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল।