Local, Vocal, Global

পাৰিবাৰিক কণ্ডলৰ বাবেই পুনৰ পুত্ৰৰ হিংসাৰ বলি হʼল পিতৃ

অসমত দিনক‌ দিনে বৃদ্ধি পাইছে হিংসাত্মক ঘটনাৰ। পিতৃ পুত্ৰৰ সংঘাতও ক্ৰমাত বৃদ্ধি পাইছে। পাৰিবাৰিক কণ্ডল বা আন কোনো কাৰণত‌ পুত্ৰৰ হিংসাৰ বলি হব লগা হৈছে বহু পিতৃ। আজিও তেনে ঘটনাৰে পুনৰাবৃত্তি।

পুনৰ অসমত এক জঘন্য কাণ্ড। পুনৰ পুত্ৰৰ হিংসাৰ বলি হʼল পুত্ৰ। পাৰিবাৰিক কণ্ডলৰ বাবেই পিতৃক আক্ৰমণ কৰে পুত্ৰই।

পুত্ৰৰ দাৰ ঘাপত‌ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে পিতৃ। বকোৰ শিংৰাৰ নোৱাপাৰাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

পুত্ৰ দিলিপ বসুমতাৰীয়ে ঘঁপিয়ালে পিতৃ হিটলাৰ‌ বসুমতাৰীক।সংকটজনক অৱস্থাত ‌GMCH লৈ অনা হৈছে পিতৃ হিটলাৰ‌ বসুমতাৰীক।

পিতৃক দাঁৰে ঘপিয়াই বকো থানাত আত্মসমৰ্পণ কৰিছে পুত্ৰ ৰিদিপ বসুমতাৰীয়ে।