বাঘজানৰ পাছত এইবাৰ দুলীয়াজানত বৃহৎ অঘটন
নিউজ ডেস্ক, ১২ মে’- বাঘজানৰ পাছত এইবাৰ দুলীয়াজানত বৃহৎ অঘটন। অইল ইণ্ডিয়াৰ পাইপ ফুটি হৈছে তেলৰ নিৰ্গমন। বিস্তৰ অঞ্চল বিয়পি পৰিছে নিৰ্গত হোৱা তেল।
পাইপ ফুটি বহু উচ্চতালৈ নিৰ্গত হৈছে খাৰুৱা তেল। অইলৰ ৪৩৫ নম্বৰ তৈলখাদত পাইপ ফুটি অহৰহ নিৰ্গমন হৈ আছে তেল।
বাঘজানৰ ঘটনা প্ৰত্যক্ষ কৰা পিছত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। তৈল খাদৰ সমীপৰ সমগ্ৰ অঞ্চলটোত বৰ্তমান নিৰ্গত হোৱা তেল বিয়পি পৰিছে। অঞ্চলটোৰ পৰিদৰ্শনৰ বাবে বৰ্তমান সময়ত অইলৰ নিৰাপত্তা ৰক্ষী মোতায়েন কৰিছে।
বৰ্তমানেও ভয়াৱহ গতিত নিৰ্গত হৈ আছে খাৰুৱা তেল।সংঘটিত হৈছে এই ঘটনা
স্থানীয় লোকৰ মাজত আতংক
অইলৰ ৪৩৫ নম্বৰ তৈলখাদত সংঘটিত হৈছে এই ঘটনা। পাইপ ফুটাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।