Adipurush box office : সৰ্বনিম্ন ব্যৱসায়ৰ বাবে বাতিল হ’ল আদিপুৰুষৰ শ্ব’
এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২৪ জুন : আদিপুৰুষ ছবিখন ছবিগৃহত মুক্তিৰ পিছতে দেশজুৰি সৃ্ষ্টি হৈছে চাঞ্চল্যৰ(Adipurush box office) । ছবিখনক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ । যাৰ ফলত বিশাল বাজেটত নিৰ্মিত ছবিখন অষ্টম দিনত ছবিগৃহত ধৰাশায়ী হোৱা পৰিলক্ষিত হৈছে । মুক্তিৰ অষ্টম দিনত ছবিখনে সৰ্বনিম্ন ব্যৱসায় কৰিছে বক্স অফিচত । ওম ৰাউটৰ পৰিচালনাত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনে সম্প্ৰতি দৰ্শকক ছবিগৃহত আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে (Adipurush box office)।
বলীউডৰ তাৰকা প্ৰভাস, কৃতি চেনন আৰু ছৈফ আলী খান অভিনীত ছবি ‘আদিপুৰুষ’ মুক্তিৰ এসপ্তাহ হ’ল (Adipurush box office collection Day 8)। মুক্তিৰ এসপ্তাৰ পিছতে ছবিগৃহত ধৰাশায়ী হ’ল ছবিখন । এফালে এই ছবিখনক লৈ তীব্ৰ সমালোচনা কৰা হৈছে। একে সময়তে এই সকলোবোৰে বক্স অফিচৰ সংগ্ৰহতো প্ৰভাৱ পেলাইছে । এই ছবিখনৰ অষ্টম দিনৰ সংকলন ওলাইছে যিটো যথেষ্ট হতাশাজনক।
ছবিখনৰ ৰাজহ হ্ৰাস পোৱাৰ বাবে নিৰ্মাতাসকলে ২২ জুন আৰু ২৩ জুন দুদিনৰ বাবে থ্ৰীডি টিকটৰ মূল্য হ্ৰাস কৰে । ঘোষণা কৰা হৈছিল যে ‘আদিপুৰুষ’ৰ থ্ৰীডি টিকট মাত্ৰ ১৫০ টকাত উপলব্ধ হ’ব। কিন্তু, দুয়োটা দিনতে ইয়াৰ পৰা কোনো লাভ নহ’ল, বৰঞ্চ ৰাজহ যথেষ্ট হ্ৰাস পালে । এসপ্তাহত প্ৰায় পাঁচ কোটি টকা উপাৰ্জন কৰা ছবিখনে অষ্টম দিনটোত মাত্ৰ প্ৰায় তিনি কোটি টকা সংগ্ৰহ কৰে ।
ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, আদিপুৰুষে ভাৰতত অষ্টম দিনটোত সকলো ভাষাকে ধৰি বক্স অফিচত ৩.২৫ কোটি টকা সংগ্ৰহ কৰে । আঠ দিনৰ শেষত আদিপুৰুষৰ মুঠ ঘৰুৱা সংগ্ৰহ প্ৰায় ২৬৩.১৫ কোটি টকা হয় । শুকুৰবাৰে হিন্দী ভাষাত ১১.২০ শতাংশ দখলৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । কেৱল ইমানেই নহয়, ছবিগৃহত দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে বহু শ্ব’ ইতিমধ্যেই বাতিল কৰা বুলিও জানিব পৰা হৈছে ।
ইফালে, নেতিবাচক সমালোচনা আৰু বিতৰ্কিত সংলাপৰ বাবে ছবিখনে মুকলিৰ দিনা বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছিল । পিছলৈ সংলাপবোৰো সলনি কৰা হৈছিল যদিও ইয়াৰ দ্বাৰা নিৰ্মাতাসকলৰ বাবে কোনো সহায় নহ’ল । প্ৰথম দিনাই ১৪০ কোটিৰ বিশ্বব্যাপী ব্যৱসায় কৰা ছবিখন এতিয়া এক সংখ্যাৰ উপাৰ্জনত আবদ্ধ হৈ পৰিছে ।
উল্লেখ্য যে, যোৱা বছৰ ছবিখনৰ নিৰ্মাতাসকলে ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিচতে সৃষ্টি হৈছিল বিতৰ্কৰ । ধৰ্মীয় অনুভূতিক আঘাত সনা বুলিও অভিযোগ উত্থাপন হৈছে ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ বিৰুদ্ধে । ছবিখনৰ কিছু অসংযত সংলাপে আৰু অধিক বিতৰ্কৰ সৃষ্টি কৰিছিল ।
১৬ জুনত সমগ্ৰ দেশতে হিন্দী, তেলেগু, কানাড়া, মালয়ালম আৰু তামিল ভাষাত মুক্তি পোৱা আদিপুৰুষ ছবিখনে মাত্ৰ তিনিদিনতে বক্স অফিচত সংগ্ৰহ কৰিছিল ৩৪০ কোটি টকা । কিন্তু ছ’চিয়েল মিডিয়াত ছবিখনক লৈ চলি থকা ব্যাপক সমাোলচনাৰ বাবেই এতিয়া ছবিখনৰ বক্স অফিচ সংগ্ৰহত যথেষ্ট প্ৰভাৱ পৰিছে । ৫০০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা বুলি কোৱা এই বৃহত্ বাজেটৰ বহুভাষিক ছবিখনে এতিয়া এই বিশাল ধন সংগ্ৰহ কৰিব পাৰিব নে নাই সেয়া এক বৃহত্ প্ৰশ্ন ।
আনহাতে শনিবাৰ আৰু দেওবাৰে ছুটিৰ দিনত ছবিখনৰ কালেকচন বৃদ্ধি হয় নে নহয় সেয়া এতিয়া লক্ষণীয় হ’ব।
লগতে পঢ়ক : Suhana Khan buys crore property : ১৩ কোটি মূল্যৰ কৃষি ভূমি ক্ৰয় কৰিলে শ্বাখৰুখ কন্যা সুহানাই