6000 kg iron bridge stolen in Mumbai : নিশাৰ ভিতৰতে চুৰে নিলে ৯০ ফুট দীঘল দলং, হতভম্ব নিৰ্মাণকাৰী আদানিৰ কোম্পানী
নেশ্যনেল ডেস্ক, ৯ জুলাই : শুনি চকু কপালত উঠা এক ঘটনা । ৬ হাজাৰ কেজি ওজনৰ সমগ্ৰ দলংখনেই চুৰি কৰি নিলে চুৰে । দেখি মূৰত হাত দিলে নিৰ্মাণকাৰী কোম্পানীটোৱে(6000 kg iron bridge stolen in Mumbai) । মুম্বাই পশ্চিম চহৰৰ উপকণ্ঠ অঞ্চলৰ বৃহৎ নলাৰ ওপৰত ৯০ ফুট দীঘল এখন অস্থায়ী লোহাৰ দলং স্থাপন কৰা হৈছিল । সেই দলংখন নিশাৰ ভিতৰতে অদৃশ্য হৈ পৰিল । এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
মুম্বাই বাংগুৰ নগৰ আৰক্ষীয়ে জনোৱা অনুসৰি পশ্চিম মালাডত নিৰ্মাণ কৰা হৈছিল এই দলংখন । বৃহৎ নলাটোৰ এটা ফালৰ পৰা আনটো ফাললৈ বৃহৎ সংখ্যক হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ কঢ়িয়াই নিব পৰাকৈ এই অস্থায়ী দলংখন নিৰ্মাণ কৰা হৈছিল। নলাটোৰ ওপৰেৰে পাৰ হ’বলৈ ব্যৱহাৰ কৰা অস্থায়ী লোহাৰ দলংখন কিছু মাহ পূৰ্বে এখন স্থায়ী দলং নিৰ্মাণৰ পিছতে অঞ্চলটোৰ আন ঠাইলৈ স্থানান্তৰ কৰা হয়(Adani firm’s 6000 kg iron bridge stolen in Mumbai’s Malad)।
যোৱা ২৬ জুনত ২ লাখ টকাৰে নিৰ্মাণ হোৱা আদানী কোম্পানীটোৰ লোকে দলংখন চুৰি হোৱা দেখি হতভম্ব হৈ পৰে । তেওঁলোকে লগে লগে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে শেষবাৰৰ বাবে ৬ জুনত দলংখন তাতেই আছিল। তাৰপিছত ক’লৈ গ’ল? অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰে যে যোৱা ১১ জুনত এখন বৃহৎ বাহন দলং এলেকাত অহাযোৱা কৰা দেখা গৈছিল।
তদন্তকাৰী দলে জানিব পৰা মতে সেই গাড়ীখনত এটা গেছ কাটিং মেচিন আছিল। যাৰ সহায়ত ডাঠ লোহাৰ পাটবোৰ কাটিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত নিৰ্মাণ কোম্পানীটোৰ এজন শ্ৰমিক আৰু তেওঁৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক সোধা-পোছা কৰাৰ অন্তত ইতিমধ্যে উদ্ধাৰ হৈছে চুৰি দলংখন। অৱশ্যে তাৰ অৱস্থা আৰু আগৰ দৰে হৈ থকা নাই ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইমান বৃহৎ দলং এখন চুৰি কৰাটো কেনেকৈ সম্ভৱ? অৱশ্যে চুৰি কৰি নিয়া আদানীৰ কোম্পানীয়ে নিৰ্মাণ কৰা দলংখন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Road accident in Barpeta : বৰপেটাত শোকাৱহ দুৰ্ঘটনা, নিহত দুজন