Local, Vocal, Global

ধুবুৰীত ৫গৰাকী মেট্ৰিক পৰীক্ষাৰ্থী গুৰুতৰভাৱে আহত

ডিজিটেল ডেস্ক: সততে শুনিবলৈ অথবা দেখিবলৈ পোৱা এক দুঃখবৰ পথ দুৰ্ঘটনা। একাংশ উদণ্ড চালকৰ মইমতালী আৰু পৰিবহণ ব্যৱস্থাৰ সুপৰিকল্পিত নীতি-নিৰ্ধাৰণৰ অভাৱ, পথৰ দুৰৱস্থা, ট্ৰেফিক আইন উলংঘাৰ ফলতেই নিতৌ সংঘটিত হৈ আহিছে একো একোটা মৰ্মান্তিক দুৰ্ঘটনা।

যাৰ ফল ভোগ কৰে নিৰীহ আৰু সাধাৰণ জনতাই। আৰু তেনে এক মৰ্মান্তিক দুৰ্ঘটনাই সংঘটিত হ’ল ধুবুৰীত। মেট্ৰিক পৰীক্ষা দিবলৈ গৈ ৫গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী গুৰুতৰভাৱে আহত হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰিছে । আহত হোৱা ছাত্ৰ-ছাত্ৰীসকলক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

টোটো আৰু মাৰুতি SWIFTৰ লগত মুখা মুখি সংঘৰ্ষ হৈ ৫ জনকৈ ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী মহিলা যাত্ৰী ৰাস্তাৰ কাষৰ নলাত বাগৰি পৰে। এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে পুৱা ৮.৪৫ মান বজাত ধুবুৰীৰ আই.জি. ৰোডত।

ঘটনাস্থলীত ধুবুৰী যান-বাহন আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দল উপস্থিত হৈ বুজ লয় ঘটনাৰ সবিশেষ। টোটো চালকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মূৰ আৰু চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালকজন। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি মাৰুতি SWIFTৰ চালকে পলায়ন কৰে।