সহজলভ্য দেশত AC দবাত যাত্ৰা…
ভাৰতীয় ৰেলযাত্ৰীৰ বাবে সুখবৰ। বৃহৎ পৰিৱৰ্তনৰ দিশে ভাৰতীয় ৰে’লসেৱা। কম খৰচতে এতিয়াৰে পৰাই দেশৰ প্ৰতিগৰাকী লোকে AC ৰে’লেৰে যাত্ৰা কৰিব পাৰিব। অচিৰে ভাৰতীয় ৰে’লৰ অধীনৰ দবাসমুহ AC ব্যৱস্থা কৰিব। স্লীপাৰ ক্লাছ, জেনেৰেল ক্লাছ আৰু ছিটিং কোচসমূহতো ভাৰতীয় ৰে’ল বিভাগে AC ৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা হাতত লৈছে।
ইতিমধ্যে ভাৰতীয় ৰে’ল সেৱাই কাপুৰথালাত অৱস্থিত ৰে’ল কোচ ফেক্টৰীত AC সংযোগবিহীন সকলো দবা ACলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো দবাত প্ৰায় ২.৮-৩ কোটি টকা ব্যয় সাপেক্ষে ২৩০ দবাত AC ৰ ব্যৱস্থা কৰিছে।
সম্ভৱত সকলো ঠিকে থাকিলে অতিশীঘ্ৰে দেশবাসীৰ বাবে সহজ লভ্য হ’ব কম খৰচতে AC ৰে’লৰ যাত্ৰা।