বিজেপিৰ দুৰ্গতে ধূলিস্যাৎ ABVP

ডিজিটেল ডেস্কঃ বিজেপিৰ দুৰ্গতে ধূলিস্যাৎ হ’ল ABVP৷ ছাত্ৰ সমাজে আকোৱালি নল’লে শাসকীয় দলৰ ভাতৃ সংগঠন ABVPক৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ধুলিসাৎ হ’ল ABVP। পুনৰ জয় ধ্বজা উৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ছাত্ৰাৱাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসৰ সমৰ্থিত প্ৰাৰ্থীৰ। সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী পাৰ্থ সাৰথি গগৈ আৰু উপ-সভাপতি পদত বিজয়ী প্ৰত্যুষ ৰাজকোঁৱৰে জয়লাভ কৰে। ইফালে PNGBৰ সমৰ্থিত প্ৰাৰ্থী উজ্জ্বল অংকুৰে সাধাৰণ সম্পাদক সম্পাদক পদত বিজয়ী হোৱাৰ বিপৰীতে সহকাৰী সম্পাদক পদত অংগনা বৰুৱাৰ জয়লাভ কৰে। সেইদৰে PNGBৰ সমৰ্থিত প্ৰাৰ্থী তৰ্ক আৰু সম্পাদক পদত কল্যাণ দত্ত, সমাজসেৱা সম্পাদক পদত মহিমা তামাং, জিমনেছিয়াম পদত অনঞ্জয় মুছাহাৰী, আলোচনী সম্পাদক পদত নিবেদতা বৰুৱা আৰু ছাত্ৰী আৰু জিৰণি চ’ৰা পদত নেহা খান বিজয়ী হৈছে। আনহাতে ABVPৰ। সভাপতি পদৰ প্ৰাৰ্থী পেৰিপল হাজৰিকাই মুখথেকেচা খাবলগীয়া হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত।