Local, Vocal, Global

Abhayapuri News : হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী

অভয়াপুৰী,৭জানুৱাৰী : চাওঁতে চাওঁতে পথাৰৰ শইচ আহি ঘৰৰ ভঁৰাল পালেহি। বছৰ জোৰা মেটমৰা কামৰ বোজাৰ পৰা এতিয়া কৃষক ৰাইজৰ আজৰি।

ভঁৰালত ধানৰো উভৈনদী গতিকে চিন্তাৰো অৱকাশ নাই। সেয়েহে হেপাঁহৰ ভোগালীক আদৰিবলৈ অসমীয়াৰ গাত তৎ নাই। ভোগালী মানে পিঠা পনাৰ লগতে মেজিটো লগতে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ ভেলা ঘৰটোতো লাগিবই।

হাতত যেতিয়া অফুৰন্ত সময়, ভেলা ঘৰটোনো চকুতলগাকৈ নসজাঁও কিয়! গাঁৱে ভূঁৱে এতিয়া ভেলাঘৰটো চকুত লগাকৈ সঁজাৰ প্ৰস্তুতি তুংগত উঠিছে। অসমবাসীৰ এনে প্ৰস্ততিৰ পৰা বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বাটনীপাৰাৰ ৰাইজনো আতৰি থাকে কেনেকৈ! বাটনী পাৰাৰ সহজ সৰল ৰাইজেও এইবেলি ভোগালীক সুন্দৰ ৰূপত আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে(Abhayapuri News)।

উৰুকাৰ নিশা গঞা ৰাইজে লগে ভাগে এসাজ খাবলৈ পথাৰত সাজিবলৈ লোৱা ভেলাঘৰটোৰ নিৰ্মাণো প্ৰায় সম্পূৰ্ণ। বিহু যিহেতু কৃষি ভিত্তিক উৎসৱ আৰু কৃষি কাৰ্যৰ সৈতে গঞা ৰাইজহে জড়িত । সেয়েহে বাটনীপাৰাৰ ৰাইজেও বিহুৰ স্বকীয়তা অটুট ৰাখিবলৈ পথাৰৰ ভেলাৰটোতো অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি পৰিস্ফুট কৰিব বিচাৰিছে।

বাটনী পাৰাৰ পথাৰত সজা ভেলাঘৰ দেখিলে এনে অনুভৱ হ’ব যেন আপুনি এখন ভিতৰুৱা গাঁৱতহে উপস্থিত হৈছে। গ্ৰাম্য জীৱনৰ প্ৰতিটো দিশ সামৰিবলৈ ভেলাঘৰ নিৰ্মাণত ব্যস্ত ডেকা,পুৰুষ-মহিলা সকলে চেষ্টা কৰিছে। এই ক্ষেত্ৰত যিখিনি ত্ৰুটি বিচ্যুতি ৰৈ গৈছে উৰুকাৰ পূৰ্বেই সেইখিনি আতৰাবলৈ গঞা ৰাইজে যত্নৰ ত্ৰুটি কৰা নাই। সকলোৰে আশা উৰুকাৰ দিনাখন এই ভেলাঘৰতেই সদৌটি ৰাইজে মিলি-জুলি এসাজ খাই মনৰ মাজত আত্মীয়তাৰ বান্ধোন অধিক সুদৃঢ় কৰি তুলিব।

লগতে পঢ়ক :Canada’s Prime Minister Justin Trudeau resigns: কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেৰ পদত্যাগ