Local, Vocal, Global

WATCH | Abhayapuri News : যোগীঘোপাৰ বালাপাৰাত নিশা ড্ৰাগছ উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা

অভয়াপুৰী,১৬এপ্ৰিল : যোগীঘোপাৰ বালাপাৰাত নিশা ড্ৰাগছ উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা। ঘৰৰ সমীপত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

অভিযোগ মতে, বালাপাৰাৰ হাকিম আলী ঘৰৰ পৰাই দীৰ্ঘদিনৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায় ।

স্থানীয় ৰাইজে নিশা হাকিম আলীৰ বাসগৃহৰ সমীপৰ পৰা মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

এই লৈ স্থানীয় ৰাইজে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে(Abhayapuri News)।

ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে।

আৰক্ষীয়ে ৩৩ টাকৈ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে ৰাইজৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিশা এন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী হাকিম আলী।

হাকিম আলীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক :WATCH | Robert Vadra : ‘মোদী চৰকাৰে ED ক লগাই মোৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে’