Watch | AATSA Protest: ডঃ ভূপেন হাজৰিকা সেতুৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আটচাৰ প্ৰতিবাদ
ডুমডুমা: শদিয়াত ১১ জুলাই তাৰিখে এক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে অৰুণাচলৰ পৰা শদিয়া হৈ জাগুন অভিমুখী দুগৰাকী কিশোৰী মাজ বাটতে গাড়ীৰ অভাৱত শদিয়াত ৰ’ব লগীয়া হোৱাত দুজনকৈ সংগঠনৰ নেতাই কিশোৰী কেইগৰাকীক সহায় কৰাৰ চলেৰে এটা নিৰ্জন অঞ্চললৈ নি যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই ।
আজি এসপ্তাহ উকলি যোৱাৰ পাছতো অভিযুক্ত ভণ্ড নেতা তপন বুঢ়াগোহাঁই ,লগতে আন এজন অভিযুক্ত সুৰজিত গগৈক শদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটচাই ডঃ ভূপেন হাজৰিকা সেঁতুৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।।দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনৰ নেতৃত্বই।
লগতে পঢ়ক: Nagarbera news: নগৰবেৰাতমৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা যুৱকক