Local, Vocal, Global

Watch | Aamsu Protest: ৰেজাউল কৰিম সৰকাৰ আটক আৰক্ষীৰ

বিলাসীপাৰা: বিলাসীপাৰাৰ চিৰাকুটাত আমছুৰ গণ বিক্ষোভ কাৰ্যসূচী ।বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী । গতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী।

বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত উচ্ছেদিত লোকৰ লগতে পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ প্ৰমুখ্যে বিভিন্ন পৰ্য্যায়ৰ আমছুৰ নেতৃবৃন্দ উপস্থিত থাকে । বিক্ষোভ কাৰ্যসূচীৰ জড়িয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অমানৱীয় উচ্ছেদ চলোৱা বন্ধ কৰাৰ দাবী । সংবিধান অমান্য কৰি বাছি বাছি সংখ্যালঘু সম্প্ৰদায়ৰ লোকক উচ্ছেদি কৰা বন্ধ কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ। অন্যথা জিলাই জিলাই আমছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ।

দক্ষিন শালমাৰা আৰু মানকাচৰ যাবলৈ হলে আগতে বন্দুক লব লাগিব, মুখ্যমন্ত্ৰীৰ এই মন্তব্যত আমছু নেতা ৰেজাউল কৰিমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমান দিনে তাত প্ৰশাসন নাছিলে নেকি? দক্ষিন শালমাৰা, মানকাচৰত ইমান দিনে হিন্দু মুছলমানে একেলগে বসবাস কৰি অহা নাই নেকি? সাম্প্ৰদায়িক বীজ সিঁচা ব্যক্তি গৰাকীয়েই হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীৰ মাজতে জিলা আমছুৰ নেতৃবৃন্দক আৰক্ষীয়ে আটক কৰি চাপৰ থানালৈ নিয়ে। আনহাতে,ৰেজাউল কৰিম সৰকাৰ আটক কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: Watch | Moirabari news:মৈৰাবাৰী মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভর্তি সম্পর্কীয় সজাগতা সভা