চাহ বাগিচাৰ ফেক্টৰীত CTC মেচিনত সোমাই মৃত্যুৰে যুঁজিছে এগৰাকী যুৱতী

নিউজ ডেক্স ২১ জুলাই : এগৰাকী আদিবাসী মহিলা দেশৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আৰু আন এগৰাকী আদিবাসী মহিলাই GMCHৰ বিছনাত মৃত্যুৰে যুঁজিছে। দেশত চলি থকা ব্যৱস্থাটোকেই যেন মুকলিকৈ উদঙাই দিছে ডিব্ৰুগড়ৰ এক কৰুণ ঘটনাই।
বাগিচা কৰ্তৃপক্ষৰ গাফিলতি তথা নীতি বিৰুদ্ধ কাৰ্যৰ বাবে ডিব্ৰুগড়ৰ লেপেটকতা চাহ বাগিচাত এগৰাকী মহিলা শ্ৰমিক গুৰুতৰ ভাবে আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ।
মঙলবাৰে লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত শ্ৰমিক মইনা নায়ক কলঘৰৰ CTC মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল । CTC মেচিনত সোমাই মইনা নায়ক নামৰ মহিলা শ্ৰমিক গৰাকী গুৰুতৰভাৱে আহত হৈছিল।
গুৰুতৰভাৱে আহত আৰু যন্ত্ৰণাত ছটফটাই থকা মইনা নায়কক লগে লগে AMCHলৈ নিয়া হৈছিল যদিও উপযুক্ত চিকিৎসক নথকাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য় যে, লাওখোলা এৰাই যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে GMCH লৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে। বাগিচা কৰ্তৃপক্ষক মহিলাগৰাকীৰ চিকিৎসাৰ খৰচ বহনৰ দাবী কৰিছে একাংশই ।ইফালে, মইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে।