Local, Vocal, Global

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ…

ডিজিটেল ডেস্ক:- জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অঘটন।বুধবাৰে নিশা ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ।এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।পৰিয়ালৰৰ লগত ফুৰিবলৈ আহি সংঘটিত হল অঘটন ।সমাধিৰ ক্ষেত্ৰৰ পানীৰ ফুৱাৰা স্পৰ্শ কৰি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হল কিশোৰজনৰ।মৃত যুৱকজনৰ নাম শুভম ৰয়।ঘৰ পাণ্ডুত বুলি জানিব পৰা গৈছে।এই অঘটনৰ পাছতেই বৃহস্পতিবাৰে সমাধিক্ষেত্ৰখন বন্ধ কৰি ৰখা হৈছে। সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীৰ নিৰীক্ষণত সমাধিক্ষেত্ৰ বন্ধ ৰখা হৈছে।পৰিয়ালৰ সৈতে সমাধিক্ষেত্ৰলৈ কিশোৰজন আহিছিল। সেই সময়ছোৱাত সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ কিশোৰজন আঘাতপ্ৰাপ্ত হয়। শুভমক ততাতৈয়াকৈ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়।