Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ জন্মদিনত মহানগৰবাসীৰ বাবে বিশেষ উপহাৰ !

মুখ্যমন্ত্ৰীৰ জন্মদিনত মুকলি হ’ব ফাঁচীবজাৰৰ নৱনিৰ্মিত পদসেতু। প্ৰায় ১০০ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা এই পদসেতুখনত থাকিব অত্যাধুনিক সা-সুবিধা।পথচাৰীৰ বাবে আছে বৈদ্যুতিক চিৰি।বয়োজ্যেষ্ঠসকলৰ বাবে আছে পদসেতুৰ দুয়োকাষে লিফটৰ ব্য়ৱস্থা।ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰৰ লোকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিওৱা এই ফুটব্ৰীজখনৰ পৰা ৰাইজে উপভোগ কৰিব পাৰিব মহাবাহুৰ নান্দনিক দৃশ্য।পথসেতুৰখনৰ কাম এটা মাহ পূৰ্বে সমাপ্ত হৈছিল যদিও মুখ্য়মন্ত্ৰীৰ জন্মদিনটোত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে নিৰ্মাতাসকলে।১ফেব্ৰুৱাৰী বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰিব।