Local, Vocal, Global

নগাঁৱত এক চাঞ্চল্যকৰ ঘটনা !জালিনোটেৰে সামগ্ৰী ক্ৰয় কৰিবলৈ আহি আটক জোৱানজন…

ডিজিটেল ডেস্ক:- নগাঁৱত এক চাঞ্চল্যকৰ ঘটনা। জালি নোটেৰে সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান। ঘটনাটো নগাঁৱৰ বৰভেটিত সংঘটিত হৈছে। জানিব পৰা মতে ধিং নিৱাসী আব্দুল আলী নামৰ লোকজনৰ ওপৰত আৰক্ষীয়ে নজৰ ৰাখিছিল।আৰু আজি পুৱা বিশেষ সূত্ৰৰ পম খেদি জাল নোট সহ তেওঁক আটক কৰে। কিন্তু বজাৰ কৰাৰ সময়তে স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলায় অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান জনক।অৱসৰ গ্ৰহণৰ পূৰ্বে ১৬ অসম আৰক্ষী বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল আব্দুল আলী। স্থানীয় ৰাইজে আব্দুল আলীক কৰায়ত্ত কৰি পিছত আৰক্ষীক গতাই দিয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।