কেৰালাত মাঙ্কিপক্সৰ দ্ৰুত সংক্ৰমণ পুনৰ আক্ৰান্ত এজন

নিউজ ডেক্স ,১৮জুলাই : মহামাৰী কৰোনাৰ সংক্ৰমণ শেষ নহোওতেই দেশত মাঙ্কিপক্সৰ দ্ৰুত সংক্ৰমণ। কেৰালাত আটাইতকে বেছি আক্ৰান্ত হৈছে এই ৰোগত। দুজনকৈ লোক আক্ৰান্ত হৈছে মাঙ্কিপক্সত।
কেৰালা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে , কান্নুৰৰ এজন ৩১ বছৰীয়া ব্যক্তিৰ মাজত মাঙ্কিপক্স নিশ্চিত কৰা হৈছে। ডুবাইৰ পৰা ভ্ৰমণ কৰি আহিছিল ব্যক্তিজন।
উল্লেখ্য যে বৃহস্পতিবাৰে দেশখনত মাঙ্কিপক্সৰ প্ৰথমটো ঘটনা সংঘটিত হোৱাৰ পিছত কেৰালালৈ এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছিল। প্ৰথম ৰোগীজন ১২ জুলাইত সংযুক্ত আৰৱ আমিৰাতৰ (ইউ.এ.ই.) পৰা উভতি আহিছিল।
দেওবাৰে স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কৈছিল যে কেৰালাত মাঙ্কিপক্সৰ মাঙ্কিপক্সৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতেই তিৰুৱন্তপুৰম, কোচি, কোজিকোড আৰু কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হেল্প ডেস্ক স্থাপন কৰা হৈছে।
মন্ত্ৰীজনে কয় যে, জিলাসমূহত পৃথকীকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু মাঙ্কিপক্সৰ লক্ষণ থকা সকলে ২১ দিন isolation থাকিব আহ্বান কৰে স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ।
যোৱা 21 দিনত মাঙ্কিপক্সৰ ঘটনা প্ৰতিবেদিত হোৱা দেশবোৰৰ পৰা অহা যাত্ৰীসকলৰ উপৰিও, জ্বৰ, ফোঁহা, মুৰৰ বিষ, শৰীৰৰ বিষ, পেশীৰ বিষ, ডিঙিৰ বিষ আৰু খাদ্য গিলিবলৈ অসুবিধাৰ দৰে লক্ষণ থকা লোকসকলে বিমানবন্দৰৰ হেল্প ডেস্কৰ সৈতে যোগাযোগ কৰাৰ আহ্বান স্বাস্থ্য বিভাগৰ।