Local, Vocal, Global

CIDৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

নিউজ ডেস্ক, ১ আগষ্ট : সোমবাৰে মণিপুৰৰ অপৰাধ অনুসন্ধান বিভাগৰ (CID) কাৰ্যালয়ত পুৱতি দিনা পুৱা প্ৰায় ২ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।

পৰৱৰ্তী সময়ত, জুই নুমুৱাবলৈ প্ৰায় আঠখন অগ্নি নিৰ্বাপক গাড়ী ইম্ফলৰ ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে, শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে, সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাটোৰ পিছতে, CID ভৱনৰ ওচৰত থকা কাৰ্যালয়বোৰত সাৱধানতামূলক ব্যৱস্থা আৰম্ভ কৰা হৈছিল।

এই কাৰ্যালয়বোৰৰ ভিতৰত আছে ইম্ফল পশ্চিম আৰক্ষী চকী (Imphal west police staion) , মণিপুৰ ৰাইফলছ (Manipur Rifles) , ইম্ফল সচিবালয় (Imphal secretariat) , বিএছএনএল কাৰ্যালয় (BSNL office)।

জানিব পৰা গৈছে যে CID কাৰ্যালয়ৰ বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু অন্যান্য কাৰ্যালয়ৰ সামগ্ৰী সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীসমূহে সফলতাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।