Local, Vocal, Global

গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন আৰু এগৰাকী সৰবৰাহকাৰী

ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো ৰাজ্যত অব্যাহত আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

এইবাৰ গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন আৰু এগৰাকী সৰবৰাহকাৰী যুৱক।

এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত যোৱা নিশা গৌৰীপুৰ আৰক্ষী আৰু ৪৮ ছি আৰ পি এফ বাহিনীৰ যৌথ অভিযানত বলদমাৰা গাঁৱৰ ওচৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৌৰীপুৰ আৰক্ষীয়ে বৃহৎ হিৰোইন উদ্বাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তিনিটা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰে হিৰোইন খিনি। জব্দকৃত হিৰোইনহখিনিৰ বজাৰ মূল্য প্ৰায় চাৰিৰ পৰা পাঁচ লাখ টকা ৷

বৰ্তমানে আৰক্ষীয়ে আব্দুছ ছালাম ওৰফে শাকাল নামৰ যুৱকজনক আটক কৰি গৌৰীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে।