বনভোজ খাবলৈ গৈ ৰামদাহা জলপ্ৰপাতত নিঃশেষ হৈ গ’ল এটা পৰিয়াল

নিউজ ডেস্ক, ৩০ আগষ্ট : দেওবাৰে ছত্তীশগড়ৰ কোৰিয়া (Korea) জিলাৰ ৰামদাহা জলপ্ৰপাতত (Ramdaha waterfall) ডুব যোৱাৰ ফলত কমেও ছয়জন লোক নিহত হৈছিল।
কোৰিয়া জিলাৰ জিলা দণ্ডাধীশ (DM) কুলদীপ শৰ্মাই জনাইছে যে ঘটনাটোত নিহত সকলৰ আটাইকেইজন মধ্য প্ৰদেশৰ চিংৰাউলিৰ বাসিন্দা।
শৰ্মাই কয় যে, ডুব যোৱা লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলোৱা হৈছিল য’ত ছয়জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
প্ৰতিবেদন অনুসৰি, আটাইকেইজন ভুক্তভোগী একেটা পৰিয়ালৰ আছিল আৰু তেওঁলোকে বনভোজ খাবলৈ জলপ্ৰপাতলৈ আহিছিল।
টুইটাৰযোগে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে জনায় যে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে জিলা কৰ্তৃপক্ষক তেওঁলোকৰ সন্ধানত অনুসন্ধানকাৰী দল আৰু পেছাদাৰী ডুবাৰু নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল।