গ্ৰাম্য অৰ্থনীতিৰ এজন আগশাৰীৰ বিশেষজ্ঞ তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য অভিজিত সেনৰ দেহাৱসান
নিউজ ডেস্ক, ৩০ আগষ্ট : এজন ভাৰতীয় বিশিষ্ট অৰ্থনীতিবিদ আৰু পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য অভিজিত সেনৰ সোমবাৰে ৭২ বছৰ বয়সত মৃত্যু হয়।
গ্ৰাম্য অৰ্থনীতিৰ এজন আগশাৰীৰ বিশেষজ্ঞ, সেনৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
তেওঁৰ ভাতৃ ড০ প্ৰনব সেনে কয়, “নিশা প্ৰায় ১১ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। আমি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিলো, কিন্তু আমি তাত উপস্থিত হোৱাৰ সময়ত সকলো শেষ হৈ গৈছিল।”
তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অৰ্থনীতি অধ্যাপনা কৰিছিল আৰু কৃষি ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী পদত অধিষ্ঠিত হৈছিল।
তেওঁ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল।