Local, Vocal, Global

হোজাইত ড্ৰাগছৰ ৬০ খনকৈ কণ্টেইনাৰসহ এটা বাকচ জব্দ

নিউজ ডেস্ক,২৫ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ হোজাই ৰে’লৱে আৰক্ষীৰ বৃহৎ সাফল্য। হোজাই ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানত ড্ৰাগছৰ ৬০ খনকৈ কণ্টেইনাৰসহ এটা বাকচ জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ১৭০ গ্ৰাম আৰু বজাৰমূল্য কেইবা লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে ৰাতি ১২.৩০ বজাত নাগালেণ্ড এক্সপ্ৰেছৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়। কিন্তু আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল।