Local, Vocal, Global

২০১২ চনত সংঘটিত নিৰ্ভয়াৰ কাণ্ডৰ পুনৰাবৃত্তি

নিউজ ডেক্স,১৫জুলাই : আকৌ ধৰ্ষণ! ২০১২ চনত সমগ্ৰ দেশ কঁপাই যোৱা নিৰ্ভয়াৰ কাণ্ডৰ যেন পুনৰাবৃত্তি । ৰাজধানী দিল্লীত সংঘটিত হৈছে এই জঘন্য় ঘটনা।

৬ জুলাইৰ সন্ধিয়া এগৰাকী ১৬ বছৰীয়া কিশোৰীক তিনিজন যুৱকে অপহৰণ কৰে আৰু দক্ষিণ দিল্লীৰ বসন্ত বিহাৰৰ পৰা উত্তৰ প্ৰদেশৰ গাজিয়াবাদলৈ প্ৰায় ৪৪ কিলোমিটাৰ চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰে ।

আৰক্ষীৰ মতে তিনিওজন অভিযুক্ত ছোৱালীজনীৰ চুবুৰীয়াৰে আছিল। আৰক্ষীক দিয়া বিবৃতিত ছোৱালীজনীয়ে আৰক্ষীক জনায় যে ৬ জুলাইৰ সন্ধিয়া বন্ধুৰ ঘৰৰ পৰা উভতি অহাৰ সময়ত ছোৱালীজনীয়ে বসন্ত বিহাৰ বজাৰত তিনিজন অভিযুক্ত যুৱকৰ মাজৰ দুজনক লগ পাইছিল।

তাৰ পিছত, যুৱক দুজনে তেওঁলোকৰ আন এজন সঙ্গীক মাতিছিল। তৃতীয়জনে গাড়ীখন তেওঁৰ লগত লৈ আহিছিল। তিনিজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ কৰে কিশোৰীগৰাকীয়ে।

ছোৱালীজনীয়ে অভিযোগ কৰিছিল যে যুৱকসকলে তাইৰ পানীৰ সৈতে ড্ৰাগছ মিহলি কৰিছিল। চলন্ত গাড়ীত তিনিজন মানুহে তাইক প্ৰহাৰ কৰিছিল আৰু দলবদ্ধ ধৰ্ষণ কৰিছিল।

অভিযুক্তকেইজনে ধৰ্ষণৰ ভিডিঅ’ও বনাইছিল। ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰীসকলক।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত দুজন ছোৱালীজনীৰ সৈতে আগতে পৰিচিত আছিল। ঘটনাৰ দিনা তিনিজন যুৱকে মহিপালপুৰলৈ গৈ সুৰা পান কৰিছিল।

তিনিজন যুৱকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰা হৈছিল। অভিযুক্তসকলৰ বয়স ২৩, ২৫ আৰু ৩৫ বছৰ। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।