Local, Vocal, Global

অবৈধ ভাৱে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলক ৬০ দিনৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ

নিউজ ডেস্ক, ১৫ জুন : বিভিন্ন সময়ত চৰকাৰী চাকৰীত নিযুক্তিত হোৱা অনিয়ম আৰু দুৰ্নীতি পোহৰলৈ আহে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক দুৰ্নীতিমুক্ত কৰিবলৈ বিভিন্নসময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

এইবাৰ অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীৰ প্ৰতি সৰব হৈ উঠিছে মুখ্যমন্ত্ৰী শৰ্মা।

মুখ্যমন্ত্ৰী শৰ্মাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকক অবৈধ ভাৱে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলক ৬০ দিনৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, অসম ৰাজ্যিক পৰিবহণ নিগম পূৰ্বৰ সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীৰ কাৰ্যকালত অবৈধভাৱে নিযুক্তি লাভ কৰিছিল বহু কৰ্মচাৰীয়ে।