Local, Vocal, Global

৫ পাষণ্ডৰ কামনাৰ বলি হল এগৰাকী ১৩ বছৰীয়া শিশু

নিউজ ডেক্স ,১৭জুলাই : মানব সমাজক লজ্জিত কৰা এটা ঘটনা। ৰাজ্যত পুনৰ শিশু ধৰ্ষণ। ৫ পাষণ্ডৰ কামনাৰ বলি হল এগৰাকী ১৩ বছৰীয়া শিশু।

হাইলাকান্দিৰ বৰাক উপত্যকা জিলাৰ ৰামনাথপুৰ থানাৰ অন্তৰ্গত, অসম মিজোৰাম সীমান্তৱৰ্তী কাঞ্চিয়ালা গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

ৰিয়াং উপজাতিৰ এগৰাকী ১৩ বছৰীয়া কনমানিক দলবদ্ধ ধৰ্ষণ কৰে ৫পাষণ্ডই। শনিবাৰে বিয়লি প্ৰায় ৩ বজাত খেতিপথাৰত কাম কৰি থকা সময়তে ৫ ধৰ্ষণকাৰীয়ে সংঘটিত কৰে এই জঘন্য ঘটনা।

ইতিমধ্যে ভুক্তভোগী কণমানিটিৰ পিতৃয়ে ৰামনাথপুৰ থানাত ৰুজু কৰিছে গোচৰ। কিন্তু বলাৎকাৰী সকলক বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই।

৫ ধৰ্ষণকাৰীৰ ভিতৰত ইতিমধ্যে দুই নৰপিষাচক চিনাক্ত কৰিবলৈ সক্ষম হৈছে ধৰ্ষণৰ বলি হোৱা কনমানিয়ে।

স্থানীয় ৰিয়াং উপজাতিৰ লোক সকলে হাইলাকান্দিৰ এই কনমাণী জনীৰ বাবে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে।