Assam | Barpetaroad news: বৰপেটাৰোডৰ সমীপৰ বাজেগাঁৱত বাঙালী যুৱ ছাত্ৰ ছাত্ৰ ফেডাৰেশ্বনৰ কাৰ্য্যলয় মুকলি

বৰপেটাৰোড: বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্য্যবাহী সদস্য গৌতম দাসে। সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ অন্তৰ্ভুক্ত বাক্সা জিলা সমিতিৰ অন্তৰ্গত বাজেগাওঁ আঞ্চলিক সমিতিৰ এটি কাৰ্য্যালয়ৰ আজি শুভ উদ্বোধনী কৰা হয়।
কাৰ্য্যালয়টো বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ উপস্থিতিত বিটিআৰৰ ই এম গৌতম দাসে উপস্থিত থাকি শুভ উদ্বোধন কৰে। সেই উপলক্ষ্যে বাজেগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত এখন শুভ উদ্ধধনী সভা অনুষ্ঠিত কৰা হয়। সভাত অতিথি পৰিচয় পৰ্ব, অতিথিক সম্বৰ্ধনা,বিশিষ্ট অতিথিৰ ভাষণৰ লগতে কাৰ্য্যালয়ৰ শুভ উদ্বোধন কাৰ্য্যসূছিৰ লগতে স্থানীয় লোকৰ বিভিন্ন সমস্যাক লৈ মত বিনিময় আদি কাৰ্যসূচী অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে বাক্সা জিলাৰ অন্তৰ্গত বাজেগাঁও বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বন আঞ্চলিক সমিতিৰ এটা নিৰ্দ্দিষ্ট কাৰ্য্যালয় অভাৱৰ আজি অৱসান ঘটে। বাজেগাওঁ অঞ্চলৰ বঙালী সম্প্ৰদায়ৰ বিভিন্ন সমস্যা,অভিযোগ এই কাৰ্যালয়ত আহি ফেডাৰেশ্বনৰ কাৰ্য্যকর্তাৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ সুধিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ নেতৃবৰ্গই।
লগতে পড়ক: Assam | Barpeta news: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ ত্ৰিৰংগা যাত্ৰা