Watch | Dumdooma news: ডুমডুমাত স্বাধীনতা দিৱস পালন
ডুমডুমা : ডুমডুমা সম-জিলা প্ৰশাসনৰ উদ্যোগত আজি ডুমডুমা নগৰ খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডুমডুমা সম-জিলাৰ আয়ুক্ত নুজহাৎ নাছৰিনে।
নুজহাৎ নাছৰিনেঅসম আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইডৰ কেডেটসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্য অতিথি নুজহাৎ নাছৰিনে ডুমডুমা সম-জিলাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি কথা উল্লেখ কৰে। অনুষ্ঠানত স্থানীয় বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে।
লগতে পঢ়ক:Watch | Nalbari news: মুকালমুৱাত অবৈধ নিষিদ্ধ মাংসসহ আটক তিনিজনক