Watch | Bokajan news: বোকাজানত স্বাধীনতা দিৱসৰ দিনাই চুড়ান্ত অপমান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক
বোকাজান: স্বাধীনতা দিৱসক লৈ দেশজুৰি উছাহ। সমগ্ৰ দেশত আজি ৭৯ তম্ স্বাধীনতা দিৱস পালন কৰা হয়। সমগ্ৰ দেশৰ লগতে বোকাজানতো ৭৯ তম্ স্বাধীনতা দিৱস পালন কৰাৰ মাজতে বোকাজানত স্বাধীনতা দিৱসৰ দিনাই চুড়ান্ত অপমান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক।
নিমন্ত্ৰণ জনাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক প্ৰৱেশত বাধা এগৰাকী দণ্ডাধীক্ষ আৰু এগৰাকী আৰক্ষী বিষয়াৰ । বোকাজানত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত সংবাদ মাধ্যমক প্ৰৱেশত বাধা । সহকাৰী উপপৰিদৰ্শক মৃদুল বৰা আৰু দণ্ডাধীশ মিনাক্ষী বৰগোহাঁইৰ বাধা ৷ সংবাদ মাধ্যমৰ লোকক গতিয়াই দিবলেও উদ্যত হয় আৰক্ষী বিষয়া গৰাকী । ইয়াৰ পাছতে বোকাজানৰ সকলো সংবাদকৰ্মীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন ৷
লগতে পঢ়ক: Watch | Gaurav gogoi: ত্ৰিৰংগৰ ৰঙেৰে আলোকিত সমগ্ৰ দেশ