Local, Vocal, Global

Watch | Nagaon news: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নগাঁৱৰ জ্যোতিস্মান মহন্তই

নগাঁও : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নগাঁৱৰ ছয়আলিৰ ২৫ বছৰীয়া উদীয়মান যুৱক জ্যোতিস্মান মহন্তই।অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্ৰ পৰিষদৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল জ্যোতিস্মান মহন্ত। বুধবাৰে নগাঁৱৰ অসম গণ পৰিষদৰ কাৰ্য্যলয়লৈ লৈ অনা হয় মৃত জ্যোতিস্মানৰ নিথৰ দেহ। বিগত ৪ আগষ্টত ব’লব’মত প্ৰসাদ বিলাবলৈ গৈ এক পথ দুৰ্ঘটনাত পতিত হৈছিল জ্যোতিস্মান মহন্ত নামৰ যুৱক জন। পৰিয়ালৰ লোকে জ্যোতিস্মানক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উন্নত চিকৎসাৰ বাবে ভৰ্ত্তি কৰাইছিল। কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে জ্যোতিস্মানে। অসম গণ পৰিষদৰ কাৰ্য্যলয়ত অগপ নেতা গীৰিন্দ্ৰ কুমাৰ বৰুৱাৰ লগতে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্যোতিস্মানক।

লগতে পঢ়ক: Watch | Jamugurihat news: প্ৰথমবাৰৰ বাবে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত প্ৰদৰ্শিত হ’ব ভাৰতীয় সেনাৰ অস্ত্ৰ