Local, Vocal, Global

Watch | Nagaon news: প্ৰথমবাৰৰ বাবে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত প্ৰদৰ্শিত হ’ব ভাৰতীয় সেনাৰ অস্ত্ৰ

নগাঁও : ইতিহাসৰ প্ৰথমবাৰৰ বাবে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত প্ৰদৰ্শিত হ’ব ভাৰতীয় সেনাৰ অস্ত্ৰ। ভাৰতীয় সেনাই দ্ৰোনেৰে চলোৱা অভিযানো প্ৰদৰ্শিত হ’ব নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অনুৰোধত ভাৰতীয় সেনাই লৈছে নগাঁৱত প্ৰথমবাৰৰ বাবে এই প্ৰদৰ্শনৰ সিদ্ধান্ত।

বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ বিষয়াই বুজ লয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সাজু নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম। স্বাধীনতা দিৱসৰ দিনাই কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবেও লোৱা হৈছে সিদ্ধান্ত। দ্বীপশিখা আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁৱৰ এশগৰাকী যুৱতীক দিয়া হ’ব জৰায়ু কৰ্কটৰ প্ৰতিশেধক। স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পন্ন নগাঁও জিলা প্ৰশাসনৰ।

লগতে পঢ়ক:Watch | Jamugurihat news: জামুগুৰিহাটত অসম কৃষক সমন্বয় দিৱস উদযাপন