Watch | Goreswar news: গোৰেশ্বৰৰত বীৰ চিলাগাং বসুমতাৰী সোঁৱৰণী ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

গোৰেশ্বৰ: এই উপলক্ষে নাউকাটা মিলন উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত এখন সভাত ভাষণ দি প্ৰমোদ বড়োৱে ৫কোটি টকাৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰি এই ষ্টেডিয়ামখনে এই উত্তৰাঞ্চলৰ খেলৰ প্ৰতি আগ্ৰহী লৰা ছোৱালীৰ দীৰ্ঘদিনীয়া এটা অভাব পূৰণ কৰিব বুলি মন্তব্য কৰে।
তেওঁ লগতে বাঙালীপাৰাত ১কোটি টকাৰে নিৰ্মাণ হব লগা এটা প্ৰেক্ষাগৃহৰো আজি আধাৰশিলা স্থাপন কৰা হব বুলি সদৰি কৰে।। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত ভিচিডিচিসমূহে বৰালি মাছৰ দৰে উন্নয়ন পূঁজিৰ টকা খাই বুলি উল্লেখ কৰি বিজেপি শাসনলৈ আহিলে ভিচিডিচিসমূহ উৎখাত কৰা হ’ব বুলি সকিয়নি দিয়া সন্দৰ্ভত প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সংবাদ মাধ্যমৰ আগত বিটিআৰপ্ৰধান গৰাকীয়ে কয়-মুখ্যমন্ত্ৰীয়ে কি তথ্যৰ আধাৰত তেনেকৈ কৈছে নাজানো। কিন্তু ভিচিডিচি অকল বিটিআৰতে নাই।১০টা ষষ্ঠ অনুসূচীত ভিচিডিচি আছে। ভিচিডিচিত নিৰ্বাচন পাতিব লাগে। নিৰ্বাচন পাতিব লাগিলে সংবিধান সংশোধন কৰিব লাগিব।
আনহাতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলেৰে কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বুলি কৰা মন্তব্য সন্দৰ্ভতো প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
লগতে পঢ়ক: Watch | Aamsu Protest:ৰেজাউল কৰিম সৰকাৰ আটক আৰক্ষীৰ