Watch | Bilasipara eviction area visit: বিলাসীপাৰাৰ উচ্ছেদিতৰ কাষত উপস্থিত হয় এবিএমছু
বিলাসীপাৰা: বিলাসীপাৰা সম জিলাৰ চৰুৱাবাখৰা চিৰাকুটা আৰু সন্তোষপুৰৰ উচ্ছেদিতৰ কাষত উপস্থিত হয় এবিএমছুৰ এটি সজাতি দ’ল। উচ্ছেদ স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে।
লগতে কয় -“এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয়, অসাংবিধানিক । ধৰ্মীয় সংখ্যালঘু মানুহক আতৰাই পুঁজিপতিৰ হাতত মাটি গটাই দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে”।
উচ্ছেদিত মানুহৰ ভোটাত তালিকাৰ পৰা নাম কৰ্তনৰ প্ৰসংগত কয় যে এতিয়া নিৰ্বাচন আয়োগ সম্পূৰ্ণ ৰূপে বিজেপি দলৰ হৈ কাম কৰি আছে । People Represent ACT মতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিৱ নোৱাৰে। আৰু এয়া কেতিয়াও গ্ৰহণ যোগ্য হ’ৱ নোৱাৰে। এই উচ্ছেদ বন্ধ নকৰিলে সংগঠনটোৰ আন্দোলন দিল্লী লৈকে লৈ যাৱ বুলি হুংকাৰ এবিএমছুৰ।