Watch | Teok Medical camp: ঢেকীয়াখোৱা বৰ নামঘৰৰ ৰঙ্গ মঞ্চ প্ৰাংগনত চিকিৎসা শিবিৰ সম্পন্ন
টীয়ক: আজি ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি বৰ নামঘৰ ৰঙ্গমঞ্চ প্ৰাংগনত এটি চিকিৎসা শিবিৰ সম্পন্ন হয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী মহোদয়ে শুভাৰম্ভণি কৰা চিকিৎসা শিবিৰ টোত প্ৰায় অঞ্চলটোৰ ১৭০ জনৰো অধিক ব্যক্তিক চিকিৎসক সকলে চিকিৎসা আগবঢ়োৱাৰ লগতে ঔষধ পাতি প্ৰদান কৰে।
শিশু বিভাগ,নাক কাণ ডিঙি,প্ৰসুতি বিভাগ, শল্য চিকিৎসা, চৰ্ম, হৃদৰোগ, অস্তি বিভাগ কে ধৰি প্ৰায় সমূহ বিভাগৰ চিকিৎসক সকল উপস্থিত থাকি সেৱা আগবঢ়ায়। আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ড: সৌৰভ বৰকটকী , শিশু বিভাগৰ ড:মানৱ নাৰায়ণ বৰুৱা,প্ৰসুতি বিভাগৰ ড:প্ৰনবিকা মহন্ত,,চকু বিভাগৰ ড: সামন্ত বৰুৱা, শল্য বিভাগৰ ড :নিলোৎপল ভট্ট , নাক কাণ বিশেষ্ণ ড: ৰূপজ্যোতি বৰঠাকুৰ, মেডিচিন বিভাগৰ জে উম্বন , হৃদৰোগৰ ড: অনিমেষ দেৱ নাথ, অস্তি বিভাগৰ সৌহাদ্য চেটাৰ্জী উপস্থিত থাকে।
উল্লেখ যে আজি চিকিৎসা শিবিৰত উপস্থিত থকা প্ৰতি গৰাকী চিকিৎসক,নাৰ্চ ,সকলো কৰ্মী কে ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ হৈ সভাপতি প্ৰবীণ কলিতা,বিজয় শইকীয়াই ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়ক: Watch |Nagaon fraud : নগাঁৱৰ পৰা পলাল ব্যৱসায়ত বিনিয়োগ কৰাৰ নামত টকা আত্মসাৎ কৰা অনিৰ্বাণ দেউৰী