Watch | Chapar Eviction : চাপৰৰ উচ্ছেদ অভিযানৰ পৰা বছাই দিয়াৰ নামত দালাৰ ধন সংগ্ৰহ

চাপৰ: চাপৰৰ উচ্ছেদ অভিযানকলৈ সংঘটিত হৈছে অতি নিকৃষ্ট ঘটনা। উচ্ছেদ অভিযানৰ পৰা বছাই দিয়াৰ নামত দালাৰ ধন সংগ্ৰহ অভিযান। ৬ কুখ্যাত দালালৰ বিৰুদ্ধে বিলাসীপাৰা থানাত ৰাজহুৱা স্বাৰ্থজনিত গোচৰ। উচ্ছেদিত অঞ্চলৰ চৰুৱাবাখৰা, সন্তোষপুৰৰ পৰা ৬ দালালে সংগ্ৰহ কৰিছিল কোটি কোটি টকা। দালাল- ছফিয়ৰ ৰহমান, আফজাল আলী, আব্দুল কাদেৰ (শিক্ষক), জাকিৰ হুছাইন, কুতুবুদ্দিন, আব্দুল ছালামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল। হাইকোৰ্ট কৰাৰ নামত দুখীয়া দৰিদ্ৰৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এই ৬ দালালক বিছাৰিফুৰিছে আৰক্ষীয়ে।
যিকোনো মূহুৰ্তত আৰক্ষীৰ জালত পৰিৱ পাৰে এই ৬ কুখ্যাত দালাল। অভিযোগ অনুসৰি চৰুৱাবাখৰা আৰু সন্তোষপুৰ গাঁৱৰ প্ৰায় ৬০০ পৰিয়ালৰ পৰা ২০ ৰ পৰা ৩০ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল দালালে। হাইকোৰ্ট কৰাৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা ২০ হাজাৰ- ৩০ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে দালাল কেইজনৰ বিৰুদ্ধে। ইয়াৰে সামান্য টকা খৰচ কৰি যাৱতীয় টকা হজম কৰাৰ অভিযোগ উত্থাপন হৈছে এই ৬ দালালৰ বিৰুদ্ধে।
লগতে পঢ়ক: Watch | Watch |Jagiroad police: জাগীৰোড আৰক্ষীৰ বৃহৎ সফলতা