Local, Vocal, Global

Watch | South Salmara AAMSU portest: দক্ষিণ শালমাৰাত আমছুৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী

হাটশিঙিমাৰী: সংখ্যালঘু লোকক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কাৰ্য চলোৱাৰ বিৰুদ্ধে আজি দক্ষিণ শালমাৰাত আমছুৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত দক্ষিণ শালমাৰা মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে উচ্ছেদ বন্ধ কৰক, অসম চৰকাৰ হায় হায়,হিমন্ত বিশ্বশৰ্মা মূৰ্দাবাদ, আমছু জিন্দাবাদ আদি শ্লোগানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে,’উচ্ছেদিত লোক সকলক বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিক হাৰাশাস্তি বন্ধ কৰক’।
‘কণ কণ ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনা ব্যাঘাত হোৱা বন্ধ কৰক’ ৷
গৃহহীন হোৱা ভাৰতীয় নাগৰিক সকলক পুণৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈ চৰকাৰ ওচৰত দাবী জনায়।

লগতে পঢ়ক: Watch | Udagalguri AAMSU protest : ওদালগুৰিৰ কলাইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ