Local, Vocal, Global

Watch | Karigorah protest : কাছাৰৰ কালাইনত ভাৰত বন্ধত উত্তাল প্ৰতিবাদ

কাটিগড়া: দেশজুৰি ভাৰত বন্ধ কাৰ্যসূচীৰ সৈতে সামঞ্জস্য ৰাখি কাছাৰৰ কালাইনৰ শ্ৰমিক ইউনিয়নৰ শাখাইো অংশ গ্ৰহণ কৰে। বুধবাৰে পুৱা ৭ বজাৰ পৰা কালাইন তেমতা ৰাষ্ট্ৰীয় ঘাইপথত দিন-মজুৰ, আশা কৰ্মী, অংগনৱাড়ি কৰ্মী আৰু বিৰোধী ৰাজনৈতিক দলেৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদত অংশ গ্ৰহণ কৰে।

১৭ দফা দাবী লৈ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে শ্লোগান তোলে আৰু আন্দোলনৰ জৰিয়তে ন্যায্য দাবীৰ সমৰ্থনত সোচ্চাৰ হয়।
দিনৰ ১২ বজাৰ ফালে চাৰ্কেল বিষয়া ৰবাৰ্ট টোলাৰৰ নেতৃত্বত এটা ডাঙৰ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অৱৰোধ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ মুক্ত কৰে। যদিও পিকেটাৰসকলৰ প্ৰতিবাধৰ সন্মুখীন হৈ প্ৰশাসনক বহু কষ্ট ভোগ কৰিবলগা হয়। প্ৰতিবাদকাৰীসকলে শ্লোগানৰে ব্যক্ত কৰে যে, আৰক্ষীৰ জৰিয়তে আন্দোলন দমন কৰা নহ’ব।
এই ঘটনাত প্ৰায় শতাধিক আন্দোলনকাৰীক আটক কৰি কালাইন থানালৈ লৈ যোৱা হয়। দীঘলীয়া সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থাকিলত শতাধিক বাহন ৰাস্তাত আটকে পৰে, ফলস্বৰূপে সাধাৰণ যাত্ৰীসকল তীব্ৰ দুখ-দুৰ্দশাৰ সন্মুখীন হয়।

লগকে পঢ়ক : Assam | Mridupawan Pathak arrested for the allegation of throwing goat meat in the mosque: মছজিদত গাহৰি মাংস পেলোৱাৰ অভিযোগত আটক মৃদুপৱন পাঠক