Watch | Dibrugarh news: ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহ
ডিব্ৰুগড়: তিনি শতাধিক শিশুৰ কলৰবেৰে মুখৰিত হৈ আছে ডিব্ৰুগড়। তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ থকা ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ আজি দ্বিতীয় দিন।
শ্ৰীশ্ৰী অনিৰুদ্ধদেব কনিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এই সমাৰোহৰ আজি পুৱা পতাকা উত্তালন কৰে মইনা নিয়ৰ কণা গগৈয়ে।
ইয়াৰ পিছতে শাৰীৰিক ব্যাম আৰু বিভিন্ন খেল ধেমালী অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন স্হানৰ পৰা অহা তিনি শতাধিক শিশুৱে ১০ তাৰো অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
কাইলৈ সমাৰোহৰ শেষ দিনা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব।বিয়লি অনুষ্ঠিত হবলগীয়া মুকলি সভাত অংশগ্ৰহন কৰিব সদৌ অসম মইনা পাৰিজাতৰ সম্পাদ ৰাতুল বৰাই।
লগতে পঢ়ক : Watch | Jamugurihat: ৰঙাপৰাত গভাইত বাইক চোৰক আটক আৰক্ষীৰ